John 10

প্রভু যীচু সজৰখীয়া

1যীচুৱে ক’লে, “মই সচাঁকৈ আপোনালোকক কওঁ, যি জনে ভেড়াৰ গৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু তাৰ পৰিবর্তে আন কোনো ফালে বগাই সোমায়, সি এটা চোৰ আৰু ডকাইত। 2যি জনে দুৱাৰেদি সোমায়, তেওঁ ভেড়াৰখীয়া।

3দ্বাৰ-ৰক্ষকে ভেড়াৰখীয়াক দুৱাৰ মেলি দিয়ে। ভেড়াবোৰে তেওঁৰ মাত শুনে আৰু তেওঁ নিজৰ ভেড়াবোৰক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়। 4নিজৰ সকলো ভেড়াক বাহিৰ কৰাৰ পাছত তেওঁ ভেড়াবোৰৰ আগে আগে যায় আৰু ভেড়াবোৰ তেওঁৰ পাছে পছে গৈ থাকে, কিয়নো সিহঁতে তেওঁৰ মাত বুজি পায়।

5সিহঁতে এজন অচিনাকি লোকৰ পাছত কেতিয়াও নাযাব, বৰং সিহঁত তেওঁৰ ওচৰৰ পৰা পলাইহে যাব। কাৰণ সিহঁতে অচিনাকি লোকৰ মাত চিনি নাপায়। 6যীচুৱে তেওঁলোকক এই দৃষ্টান্তটো ক’লে; কিন্তু তেওঁ যে কি কব বিচাৰিছে, সেই বিষয়ে তেওঁলোকে নুবুজিলে।

7তেতিয়া যীচুৱে পুনৰ তেওঁলোকক ক’লে, “মই আপোনালোকক সচাঁই কওঁ , ময়েই ভেড়াৰ গৰালৰ দুৱাৰ। 8মোৰ আগেয়ে যি সকল আহিল, তেওঁলোক সকলোৱেই চোৰ আৰু ডকাইত; কিন্তু ভেড়াবোৰে সিহঁতৰ কথা নুশুনিলে।

9ময়েই দুৱাৰ; যি কোনোৱে মোৰ মাজেদি সোমায়, তেওঁ ৰক্ষা পাব। তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা-যোৱা কৰিব, আৰু চৰণীয়া ঠাই পাব। 10চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলো।

11ময়েই সজ ভেড়াৰখীয়া; সজ ভেড়াৰখীয়াই তেওঁৰ ভেড়াৰ কাৰণে নিজৰ প্ৰাণকো দিয়ে। 12কিন্তু এজন বেতনভোগী দাস, তেওঁ নিজে ভেড়াৰখীয়া নহয় আৰু ভেড়াবোৰ তেওঁৰ নিজৰ নহয়; সেইবাবে তেওঁ যেতিয়া ৰাংকুকুৰ অহা দেখে, ভেড়াবোৰ এৰি পলাই যায়; তাতে ৰাংকুকুৰে সিহঁতক ধৰি লৈ যায় আৰু সিহঁত চাৰিওফালে ছিন্ন-ভিন্ন হৈ পৰে। 13এজন বেতনভোগী দাস হোৱাৰ কাৰণে তেওঁ পলাই যায়; ভেড়াবোৰলৈ তেওঁৰ কোনো চিন্তা নাথাকে।

14ময়েই সজ ভেড়াৰখীয়া; মই নিজৰ ভেড়াবোৰক জানো আৰু মোৰ মেৰবোৰেও মোক জানে; 15পিতৃয়ে মোক জানে আৰু ময়ো পিতৃক জানো। মই মোৰ ভেড়াৰ বাবে নিজৰ প্ৰাণকো দিওঁ। 16মোৰ এনে অনেক ভেড়া আছে, যি এই গৰালৰ নহয়। মই অৱশ্যেই সিহঁতক আনিব লাগে। সিহঁতেও মোৰ মাত শুনিব আৰু তেতিয়া সকলো একেটা জাক হ’ব আৰু সিহঁতৰ ৰখীয়াও হ’ব এজন।

17পিতৃয়ে মোক এইবাবেই প্ৰেম কৰে; কাৰণ মই নিজৰ প্রাণ সমর্পণ কৰোঁ যেন পুনৰায় তাক পাব পাৰো। 18কোনেও মোৰ পৰা মোৰ প্রাণ হৰণ নকৰে, কিন্তু মই নিজৰ পৰাই তাক সমর্পণ কৰোঁ। তাক সমর্পণ কৰাৰ ক্ষমতা মোৰ আছে, আৰু পুনৰায় তাক পোৱাৰ ক্ষমতাও মোৰ আছে; এই আজ্ঞা মই মোৰ পিতৃৰ পৰা পাইছো।”

19এনেবোৰ কথাৰ কাৰণে ইহুদী সকলৰ মাজত আকৌ মতৰ অমিল হবলৈ ধৰিলে। 20তেওঁলোকৰ মাজৰ অনেকে ক’লে, “ইয়াক ভূতে পাইছে; ই বলিয়া; ইয়াৰ কথা তোমালোকে কিয় শুনা?” 21আন সকলে ক’লে, “কিন্তু এই সকলো কথাতো এজন ভূতে পোৱা মানুহে কোৱা কথা নহয়। ভূতে জানো অন্ধৰ চকু মুকলি কৰিব পাৰে?”

নিজৰ ক্ষমতাৰ বিষয়ে যীচুৰ শিক্ষা

22তাৰ পাছত যিৰূচালেমত মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব্ব
10:22 প্রতিষ্ঠাৰ পর্ব: ডিচেম্বৰৰ এক বিশেষ সপ্তাহ যাক ইহুদী সকলে পর্ব হিচাপে পালন কৰে।
উপস্থিত হ’ল।
23সেই সময়ত শীতকাল আছিল; যীচুৱে মন্দিৰত চলোমনৰ বাৰাণ্ডাত খোজকাঢ়ি আছিল। 24তেনেতে ইহুদী সকলে তেওঁক আগুৰি ধৰি ক’লে, “আৰু কিমান কাল তুমি আমাক সন্দেহৰ দোমোজাত ৰাখিবা? তুমিয়ে যদি খ্ৰীষ্ট হোৱা, তেন্তে আমাক স্পষ্টকৈ কোৱা।”

25যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক ক’লো, কিন্তু আপোনালোকেতো বিশ্বাসেই নকৰে; মোৰ পিতৃৰ নামেৰে মই যি সকলো কৰ্ম কৰিছোঁ, সেইবোৰেই মোৰ বিষয়ে সাক্ষ্য দিছে। 26তথাপি আপোনালোকে বিশ্বাস নকৰে; কাৰণ আপোনালোক মোৰ ভেড়াৰ জাকৰ মাজৰ নহয়।

27মোৰ ভেড়াবোৰে হ’লে মোৰ মাত শুনে। মই সেই সকলক জানো, আৰু সেই সকল মোৰ পাছে পাছে আহে; 28মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব।

29মোৰ পিতৃ, যি জনে তেওঁলোকক মোক দিলে, তেওঁ সবাতোকৈ মহান; সেই পিতৃৰ হাতৰ পৰা তেওঁলোকক কোনেও কাঢ়ি ল’ব নোৱাৰে। 30মই আৰু পিতৃ এক।”

31তেতিয়া ইহুদী সকলে তেওঁক মাৰিবলৈ আকৌ শিল তুলি ল’লে।

32যীচুৱে তেওঁলোকক উত্তৰ দিলে, “পিতৃৰ পৰা অনেক ভাল কৰ্ম কৰি মই আপোনালোকক দেখুৱালোঁ; সেইবোৰৰ কোন কৰ্মৰ কাৰণে আপোনালোকে মোক শিল দলিয়াই মাৰিব বিছাৰিছে?” 33ইহুদী সকলে তেওঁক উত্তৰ দিলে, “ভাল কৰ্মৰ কাৰণে আমি তোমাক শিল দলিয়াই মাৰিব বিচৰা নাই, কিন্তু তুমি মানুহ হৈয়ো, নিজকে ঈশ্বৰ বুলি ঈশ্বৰক নিন্দা কৰিছা, সেইকাৰণেহে বিচাৰিছো।”

34যীচুৱে তেওঁলোকক উত্তৰ দিলে, “আপোনালোকৰ বিধান-শাস্ত্ৰত জানো এইদৰে লিখা নাই ‘মই ক’লো, তোমালোক ঈশ্বৰ’
10:34 গীত 82:6 পদ। যীচুৱে ধৰ্মশাস্ত্রৰ এই উদ্ধৃতি দিছে, য’ত ঈশ্বৰে তেওঁৰ অনুগামী সকলক মাতে, কাৰণ ঈশ্বৰে সেই লোক সকলক পৃথিৱীত তেওঁৰ প্রতিনিধিত্ব কৰিবলৈ মনোনীত কৰিছে।
?
35যি সকল লোকলৈ ঈশ্বৰৰ বাক্য আহিছিল, সেই লোক সকলক তেওঁ যদি ঈশ্বৰ বুলি ক’লে (ধৰ্মশাস্ত্ৰৰ বচন অলৰ, এই বচন কেতিয়াও ভংগ নহয়৷), 36তেনেহলে যি জনক পিতৃয়ে পবিত্র কৰিলে আৰু জগতলৈ পঠালে, তেওঁক আপোনালোকে কয় নেকি যে ‘তুমি ঈশ্বৰ নিন্দা কৰিছা,’ কাৰণ ময়ো ক’লো যে ‘মই ঈশ্বৰৰ পুত্ৰ’?

37মোৰ পিতৃৰ কার্য যদি মই নকৰো, তেনেহলে মোক বিশ্বাস নকৰিব; 38কিন্তু যদি কৰোঁ, মোক বিশ্বাস নকৰিলেও, অন্তত: সেই কার্যক বিশ্বাস কৰক, যাতে আপোনালোকে জানিব পাৰে আৰু বুজিব পাৰে যে পিতৃ মোত আছে আৰু মই পিতৃত আছো।” 39তেতিয়া তেওঁলোকে আকৌ যীচুক ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু তেওঁ তেওঁলোকৰ হাতৰ পৰা ওলাই গ’ল।

40পাছত যৰ্দ্দনৰ সিপাৰত য’ত যোহনে প্রথমতে বাপ্তিস্ম দিছিল, যীচু সেই ঠাইলৈ পুণৰ গ’ল আৰু তাতে থকিল। 41তাতে অনেক লোক যীচুৰ ওচৰলৈ আহিল আৰু কোৱাকুই কৰিবলৈ ধৰিলে “যোহনে একো আচৰিত চিন নকৰিব পাৰে সঁচা, কিন্তু এই লোকৰ বিষয়ে তেওঁ যি যি কথা কৈছিল, সেই সকলোৱেই সত্য।” আৰু সেই ঠাইত অনেকে যীচুক বিশ্বাস কৰিলে।

42

Copyright information for AsmULB